Purnashilpam

Purnashilpam | Sand Animation | Live Shows | Art and Craft | Statue | Memento | Painting | Audio/Video Production। Visual art | Workshop। Internship।

Purnashilpam, meaning "filled with all the art forms", is a true confluence of diverse artistic expressions. Its core vision is to creatively represent our rich culture, traditions, civilization, and the lives of saints and reformers—both from our region and the nation as a whole—in ways that resonate with art lovers across the globe. At its heart, Purnashilpam is a journey of artistic unity, dedicated to spreading positivity through the medium of art. From the chronicles of history to the unheard voices of everyday people, Purnashilpam seeks to embrace and reflect all facets of human experience. Through its distinct approach, Purnashilpam aspires to make a meaningful contribution to the vast world of art and culture.

~পূৰ্ণশিল্পম্~

"পূৰ্ণশিল্পম্ এক যাত্ৰা । এই যাত্ৰা সুৰৰ। এই যাত্ৰা শিল্পৰ। শব্দ সুৰ আৰু শিল্পৰ এই জীৱনমুখী যাত্ৰা হৃদয়ৰ পৰা হৃদয়লৈ।"

এই যাত্ৰাত আমাৰ প্ৰয়াস হ’ব চৌপাশৰ যান্ত্ৰিকতা, বস্তুবাদিতা, হতাশা, হীনমন্যতা আদি আচোঁৰৰ পাছতো আমাৰ সকলোৰে বুকুৰ কোনোবা কোণত এতিয়াও জীপাল হৈ থকা সেউজীয়া সপোনবোৰৰ বুজ লোৱা, যান্ত্ৰিকতাৰ মাজতো কোনোবা নিবিড় ক্ষণত শৈশৱ সুঁৱৰি উচুপি উঠা মনবোৰ এবাৰ জুমি চোৱা, স্বাৰ্থপৰতা নেওচি মানুহৰ বাবে কান্দি উঠা মানুহৰ মনবোৰ এবাৰ স্পৰ্শ কৰি চোৱা।

"এই স্পৰ্শ শব্দেৰে, সুৰেৰে, শিল্পৰে!"

10/10/2026

🌺 দুৰ্গা পূজাৰ বাবে আমি সাজু! 🌺মা দুৰ্গাৰ আশীৰ্বাদত ভক্তি, সৃষ্টিশীলতা আৰু নতুন আশাৰেদুৰ্গা পূজাৰ এই পৱিত্ৰ ক্ষণক আদৰিবল...
07/10/2026

🌺 দুৰ্গা পূজাৰ বাবে আমি সাজু! 🌺
মা দুৰ্গাৰ আশীৰ্বাদত ভক্তি, সৃষ্টিশীলতা আৰু নতুন আশাৰে
দুৰ্গা পূজাৰ এই পৱিত্ৰ ক্ষণক আদৰিবলৈ আমি সম্পূৰ্ণ সাজু। 🙏❤️

✨ মা আহিছে… উৎসৱৰ ৰং লৈ!
🌸 জয় মা দুৰ্গা 🌸

04/10/2026

“এজন শিল্পী কেতিয়াও হেৰাই নাযায়… তেওঁ জীয়াই থাকে তেওঁৰ সৃষ্টিত, সুৰত আৰু মানুহৰ হৃদয়ত।
সেই অমৰ সৃষ্টিকৰ্তা, অসমৰ আপোন জুবিনদাৰ স্মৃতিক সজীৱ কৰি ৰখাৰ এক আন্তৰিক প্ৰয়াস হিচাপে, আমাৰ পূৰ্ণশিল্পমৰ শিল্পালয়ত নিৰ্মাণ কৰা এটি শিল্পকৰ্ম আজি আনুষ্ঠানিকভাৱে স্থাপন কৰা হ’ল।
এই বিশেষ ক্ষণটোত গৰিমা বৌৱে শিল্পকৰ্মটিৰ শুভ উদ্বোধন কৰি অনুষ্ঠানটোক অধিক স্মৰণীয় কৰি তোলে।
এই শিল্পৰ প্ৰতিটো স্পৰ্শত আছে শ্ৰদ্ধা, প্ৰতিটো ৰূপত আছে ভালপোৱা, আৰু প্ৰতিটো মুহূৰ্তত আছে জুবিনদাৰ অমৰ স্মৃতি।
তেওঁৰ সুৰ যেন সদায় এনেকৈয়ে আমাৰ মাজত বাজি থাকে…
জুবিনদা, আপুনি নোহোৱা নহয়—আপুনি আমাৰ সুৰত, আমাৰ স্মৃতিত, আমাৰ হৃদয়ত সদায় জীয়াই থাকিব।
পূৰ্ণশিল্পম শিল্পালয়ৰ পৰা আপোনালৈ অশ্ৰুসিক্ত স্নহাঞ্জলি।”
জুবিন চিৰদিন… জুবিন অন্তহীন…

“তেওঁ যেন লগাকৈ, তেওঁক কাষৰ পৰা আকৌ এবাৰ অনুভৱ কৰিব পৰাকৈ মানস কৰি এই শিল্পকৰ্মটি তেওঁৰ প্ৰতি আকুল হৈ থকা আমিবোৰৰ  এক সশ...
03/10/2026

“তেওঁ যেন লগাকৈ, তেওঁক কাষৰ পৰা আকৌ এবাৰ অনুভৱ কৰিব পৰাকৈ মানস কৰি এই শিল্পকৰ্মটি তেওঁৰ প্ৰতি আকুল হৈ থকা আমিবোৰৰ এক সশ্ৰদ্ধ প্ৰচেষ্টা!”

আমাৰ পূৰ্ণশিল্পম্ শিল্পালয়ত নিৰ্মাণ কৰা প্ৰিয় শিল্পী জুবিন গাৰ্গদেৱৰ প্ৰতিৰূপ শিল্পকৰ্মটি আজি আনুষ্ঠানিকভাৱে স্থাপন কৰা হ’ল। এই বিশেষ মুহূৰ্তটো আৰু অধিক স্মৰণীয় কৰি তুলিলে গৰিমা বৌৱে শিল্পকৰ্মটি শুভ উদ্বোধন কৰি।
জুবিনদাৰ কণ্ঠ, সুৰ আৰু সৃষ্টিৰে আমাৰ হৃদয়ত যি স্থান লাভ কৰিছে, এই শিল্প সেই ভালপোৱা আৰু শ্ৰদ্ধাৰ এক সৰু প্ৰয়াস মাত্ৰ।
তেওঁৰ সৃষ্টি আৰু আদৰ্শই প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি যাওক—এইয়াই আমাৰ আন্তৰিক কামনা।
জুবিনদা—আপুনি আমাৰ মাজত নাথাকিলেও, আপোনাৰ সুৰ সদায় বাজি থাকিব…
আৰু আপোনাৰ স্মৃতি সদায় জীয়াই থাকিব।
জুবিন চিৰদিন….. জুবিন অন্তহীন…

30/09/2026

DM DOR YOUR INFORMATION
7896104539

27/09/2026

যোৱা ১৯ তাৰিখে অনুষ্ঠিত কৰা জুবিন দিৱসৰ সেই বিশেষ ক্ষণবোৰ আজি আকৌ এবাৰ সোঁৱৰণীৰ পাতত…
জুবিনদাৰ গান, সুৰ আৰু সৃষ্টিৰ প্ৰতি থকা আমাৰ মৰম-শ্ৰদ্ধাৰ এই সৰু প্ৰয়াসটোৱে ধৰি ৰাখিছে সেই দিনটোৰ কিছু অনুভৱ, কিছু আৱেগ আৰু বহুতো সুন্দৰ স্মৃতি।
স্মৃতি হৈ ৰওক সেই দিনটো, হৃদয়ত বাজি থাকক জুবিনদাৰ সুৰ…

25/09/2026

🙏✨ Purnashilpam-ত এইবাৰ বিশ্বকৰ্মা পূজাৰ কিছু সুন্দৰ দৃশ্য ✨🙏

শিল্প, সৃষ্টিশীলতা আৰু পৰিশ্ৰমৰ প্ৰতি শ্ৰদ্ধা জনাই পালন কৰিলোঁ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা।
🛠️ ভক্তি, উৎসাহ আৰু আনন্দেৰে ভৰি পৰিল Purnashilpam-ৰ প্ৰতিটো মুহূৰ্ত। ❤️

Address

Guwahati

Telephone

+919707296013

Website

Alerts

Be the first to know and let us send you an email when Purnashilpam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Purnashilpam:

Shortcuts

Share